বিকশিত ভাৰত নিৰ্মাণৰ অংশ হ’বলৈ সংবাদ সংস্থাসমূহক আহ্বান চি পি ৰাধাকৃষ্ণনৰ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ সংস্থাসমূহক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ অংশ হবলৈ আহ্বান জনাইছে। হায়দৰাবাদাত কালি প্ৰথম ৰামোজী উৎকৃষ্টতা বঁটা প্রদান অনুষ্ঠানত অংশ লৈ শ্ৰীৰাধাকৃষ্ণনে কয়, যে সামাজিক মাধ্যমৰ আধিপত্য আৰু ভুল তথ্যৰে পৰিচালিত এই সময়ত সংবাদ মাধ্যমে তেওঁলোকৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰা উচিত। ৰামোজী গ্রুপ অব ইন্ডাষ্ট্রিজৰ প্ৰতিস্থাপক ৰামোজী ৰাওৰ জন্মবার্ষিকীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰীৰাধাকৃষ্ণনে তেওঁৰ ভাষণত কয়, যে এই প্রতিষ্ঠানসমূহ কেৱল বিনিয়োগৰ ভিত্তিত স্থাপন নহয়, বৰং ইয়াত মূল্যবোধ, সত্যতা, উৎকৃষ্টতা আৰু সমর্পণৰ ভাৱনা নিহিত হৈ থাকে। ৰামোজী ৰাওৱে তেওঁৰ জীৱনকালত যি মূল্যবোধৰ দ্বাৰা পৰিচালিত হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি এই শ্রদ্ধাঞ্জলি সঠিক হৈছে বুলি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। অনুষ্ঠানত গ্রামোন্নয়ন আৰু বিজ্ঞান প্রযুক্তিকে ধৰি সাতটা খণ্ডত ৰামোজী উৎকৃষ্টতা বঁটা প্ৰদান কৰা হয়।