উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ভাৰতীয় দূৰ সংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰতীয় দূৰসংযোগ সেৱাৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত দূৰ সংযোগ ক্ষেত্ৰৰ বিকাশত বিভাগটোৰ অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। ১৯৬৫ চনত ভাৰতীয় দূৰসংযোগ সেৱা গঠন কৰা হৈছিল। দূৰসংযোগ খণ্ডৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত চৰকাৰৰ প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিষয়ক আৱশ্যকতা পূৰণ কৰাৰ উদ্দেশ্যে এই সেৱা গঠন কৰা হৈছিল।
Site Admin | November 14, 2025 12:24 PM | Vice President
ভাৰতীয় দূৰ সংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ