September 9, 2025 8:35 PM | vice prsident

printer

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে চি পি ৰাধাকৃষ্ণণৰ বিজয় সাব্যস্ত

দেশৰ পঞ্চদশগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাপে ৪৫২টা ভোট লাভেৰে এন.ডি.এ মিত্ৰজোটৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে বিজয় সাব্যস্ত কৰিছে। আজি দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ বিয়লি ৫ বজাত সম্পন্ন হয়। আজি লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ৭৮১ গৰাকী সাংসদৰ ৯৬ শতাংশই তেওঁলোকৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপ- ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল।

উল্লেখযোগ্য যে পূৰ্বৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে যোৱা জুলাই মাহত পদত্যাগ কৰাৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।