ডাউনলোড
মোবাইল এপ

android apple
signal

December 26, 2024 1:14 PM | Veer Bal divas

printer

সমগ্ৰ দেশজুৰি আজি বীৰ শিশু দিৱস উদযাপন

আজি বীৰ শিশু দিৱস। শিখসকলৰ ধৰ্মগুৰু গোবিন্দ সিঙৰ দুই বীৰ ছহিদ পুত্র বাবা ফার্টেই সিং আৰু জোৰাৱৰ সিঙৰ সোঁৱৰণত সমগ্ৰ দেশজুৰি এই দিৱস উদযাপন কৰা হৈছে।
দেশৰ আন প্ৰান্তৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাস্থিত আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বীৰ শিশু দিৱসৰ সৈতে সংগতি ৰাখি এখন বিশেষ সভাৰ আয়োজন কৰা হয়। সভাত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অংশ লয়। একেদৰে গুৱাহাটী মহানগৰীৰ গোপীনাথ নগৰৰ গুৰুদ্ধাৰত আয়োজিত অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসম প্রদেশ বিজেপিৰ প্ৰভাৰী হৰিষ দ্বিৱেদীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে বীৰ শিশু দিৱসৰ লগত সংগতি ৰাখি মাই গভ আৰু মাই ভাৰত প’ৰ্টেলৰ জৰিয়তে কুইজকে ধৰি বিভিন্ন অনলাইন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।