আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ মাজৰ খেলখনত ৰাজস্থানৰ বৈভৱ সূৰ্যবংশীয়ে কেইবাটাও অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হয়। ৩৮টা বলত ১০১ ৰান কৰা বৈভৱ আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈত পৰিণত হয়। তদুপৰি বৈভৱ প্ৰতিযোগিতাখনৰ ইতিহাসৰ দ্ৰুততম শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈতো পৰিণত হয়। ইয়াৰ পূর্বে এই অভিলেখ ইউছুফ পাঠানৰ নামত আছিল। ইউছুফ পাঠানে ৩৭টা বলত শতক অৰ্জন কৰিছিল। আনহাতে বৈভৱৰ কালিৰ ইনিংছটো আছিল আই পি এলৰ দ্বিতীয় দ্রুততম শতক। ৩০টা বলত শতক অৰ্জন কৰা ক্ৰিছ গেইলৰ নামত আই পি এলৰ দ্ৰুততম শতকৰ অভিলেখ লিপিবদ্ধ আছে। বৈভৱে কালি আই পি এলৰ সর্বকনিষ্ঠ খেলুৱৈৰূপে অর্ধশতক কৰাৰ অভিলেখ গঢ়াৰ লগতে আই পি এলৰ এটা ইনিংছত সৰ্বাধিক ছিক্সাৰ কোবোৱা ভাৰতীয় খেলুৱৈৰূপে মুৰুলী বিজয়ৰ পূৰ্বৰ অভিলেখ স্পৰ্শ কৰে। উল্লেখযোগ্য যে, আই পি এলত অভিষেক ঘটা সর্বকনিষ্ঠ খেলুৱৈৰ অভিলেখো বৈভৱৰ নামতে আছে।
Site Admin | April 29, 2025 11:05 AM | Vaibhav Suryavanshi becomes youngest centurion in IPL history
আই পি এল ক্ৰিকেটত শতক অৰ্জন কৰা সর্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশী
