August 30, 2024 7:09 PM | Maharashtra | PM

printer

ৱাধৱন বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলি প্ৰধানমন্ত্ৰীৰ মন্ত্যব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মহাৰাষ্ট্ৰৰ পালঘৰত নিৰ্মাণ হ‘বলগীয়া ৱাধৱন বন্দৰ হৈছে এটা অতি গুৰুত্বপূৰ্ণ প্ৰকল্প। এই বন্দৰে দেশৰ উন্নয়নত অৰিহণা যোগাব বুলিও প্রধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বন্দৰৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে আজি উদ্বোধন হোৱা দেশৰ সৰ্ববৃহৎ গভীৰ পানীৰ বন্দৰে প্ৰগতিৰ শক্তিকেন্দ্ৰ হিচাপে মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ নিশ্চিত কৰিব। এই প্রকল্পই ভাৰতৰ সামুদ্রিক শক্তি বৃদ্ধি কৰাৰ লগতে গোলকীয় বাণিজ্যৰো প্ৰসাৰ সাধন কৰিব। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্রায় ৭৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৱাধৱন বন্দৰৰ আধাৰশিলা স্থাপন কৰে। এই বন্দৰটো দেশৰ অন্যতম বৃহৎ গভীৰ পানীৰ বন্দৰ হোৱাৰ লগতে এই বন্দৰে জল পৰিবহণৰ সময় আৰু ব্যয় হ্ৰাস কৰি আন্তঃৰাষ্ট্ৰীয় জাহাজ পথৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।