ডাউনলোড
মোবাইল এপ

android apple
signal

June 27, 2025 11:39 AM | PM Modi

printer

প্রধানমন্ত্ৰীৰ দূৰদৰ্শীতাৰ বাবেই ভাৰতীয় ৰে’লৱেই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰাৰ লগতে ৰে’লৱেৰ আন্তঃগাঁথনি দূৰ-দূৰণিলৈ সম্প্ৰসাৰিত হৈছে – ভি. সোমান্না

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবেই ভাৰতীয় ৰে’লৱেই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰাৰ লগতে ৰে’লৱেৰ আন্তঃগাঁথনি দূৰ-দূৰণিলৈ সম্প্ৰসাৰিত হৈছে বুলি ৰে’ল ৰাজ্য মন্ত্ৰী ভি. সোমান্নাই মন্তব্য কৰিছে। বৃহস্পতিবাৰে চেন্নাইৰ পেৰামবুৰৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, মোদী চৰকাৰে প্ৰৱৰ্তন কৰা মেক ইন ইণ্ডিয়া পদক্ষেপে দেশত উৎপাদন যথেষ্ট বৃদ্ধি কৰিছে। তামিলনাডুকে ধৰি দক্ষিণৰ ৰাজ্যসমূহে বৃদ্ধিৰ ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাইছে বুলি তেওঁ উল্লেখ কৰে। বন্দে ভাৰত ৰে’লৰ দৰে উল্লেখযোগ্য কৃতিত্বৰ কথা উনুকিয়াই তেওঁ কয় যে, ভাৰতীয় দবা নিৰ্মাণকাৰী কাৰখানা চমুকৈ ICF অভিযন্তাসকলৰ বাবেই সেয়া সফল হৈছে আৰু আইচিএফে বছৰি ৫০খন ৰে’ল সাজু কৰি উলিয়াব। মন্ত্ৰীগৰাকীয়ে জনাই যে, যোৱা বছৰ কাৰখানাটোত ৩ হাজাৰ ৭০০টা ডবা নিৰ্মাণ কৰা হৈছিল আৰু এইবাৰ ৪ হাজাৰ ২০০টা ডবা নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক