ডাউনলোড
মোবাইল এপ

android apple
signal

March 10, 2025 12:13 PM | V. sumanna

printer

অহা বছৰত অসমত ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হ’ব বুলি ভি সোমান্নাৰ প্ৰকাশ

অহা বছৰৰ শেষৰফালে অসমত ৰেলপথৰ বৈদ্যুতিকীকৰণৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হব বুলি কেন্দ্ৰীয় ৰেল দপ্তৰৰ ৰাজ্য মন্ত্ৰী ভি সোমান্নাই প্ৰকাশ কৰিছে। অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ৰেলৰ আন্তঃগাঁথনি প্রকল্পসমূহ পর্যালোচনাৰ বাবে তিনি দিনীয়া ভ্রমণসূচীৰে অঞ্চলটোলৈ অহা মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটী ৰেল ষ্টেচনত উপস্থিত হৈ এই বিষয়ে প্ৰকাশ কৰে। তেওঁ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ সৈতে ষ্টেচনটোত ১৮১ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নির্মিয়মান প্ৰকল্পৰ কামকাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এখন পর্যালোচনা বৈঠকত আঞ্চলিক যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে দ্বৈত ৰেলপথ নিৰ্মাণ, ৰেলৱে নেটৱৰ্কৰ সম্প্ৰসাৰণ আৰু মূল আন্তঃগাঁথনি প্রকল্পসমূহৰ কামকাজৰ অগ্ৰগতি সম্পর্কে বুজ লয়। ইয়াৰ আগেয়ে তেওঁ ডিব্ৰুগড় ৰেল ষ্টেচন পৰিদৰ্শন কৰি প্ৰায় ২৬ কোটি ২৭ লাখ টকা ব্যয় সাপেক্ষে চলি থকা কামকাজৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক