উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত ১,২৭১ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত এহেজাৰ ২৭১ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰুদ্ৰপুৰত অনুষ্ঠিত উত্তৰাখণ্ড বিনিয়োগ মহোৎসৱ ২০২৫ত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে দেশৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগৰাকী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে যেতিয়ালৈ উত্তৰাখণ্ডৰ দৰে সৰু ৰাজ্যসমূহে উন্নয়নৰ পথত অগ্ৰসৰ হ’ব নোৱাৰে তেতিয়ালৈকে দেশে উন্নতিৰ পথ নেদেখে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰু ৰাজ্য আৰু পূবৰ ৰাজ্যসমূহৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ শলাগ লৈ অমিত শ্বাহে কয়, যে তেওঁ ঔদ্যোগিক উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্যতা স্থাপন কৰিছে। তেওঁ লগতে কয়, যে শ্রী ধামীয়ে স্বচ্ছ নীতি-কাৰ্যকৰীকৰণ আৰু দূৰদৰ্শিতাৰে উত্তৰাখণ্ডৰ সামগ্রিক উন্নয়ন সাধন কৰিছে। আজি প্রায় এক লাখ কোটি টকা বিনিয়োগেৰে উত্তৰাখণ্ডত ৮১ হাজাৰৰো অধিক চাকৰিৰ সৃষ্টি সম্ভৱ হৈছে বুলিও শ্ৰী শ্বাহে প্ৰকাশ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।