উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ বাবে আকাশবাণীৰ কুম্ভবাণী চেনেল মুকলি

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ ২০২৫ৰ বাবে আকাশবাণীৰ কুম্ভবাণী চেনেল আজি মুকলি কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চেনেলটো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী যোগী আদিত্য নাথে কুম্ভবাণীয়ে জনপ্রিয়তাৰ নতুন শিখৰ লাভ কৰাই নহয়, বৰং অতি পিছপৰা গাঁওসমূহতো মহাকুম্ভৰ ভাৱনাক বিয়পাই দিবলৈ সক্ষম হ’ব বুলি বিশ্বাস ব্যক্ত কৰে। আকাশবাণী হৈছে জনসাধাৰণক থলুৱা পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে সংযোজিত কৰাৰ প্ৰথম মাধ্যম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ সৈতে তেওঁৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰে। এই অনুষ্ঠানতে কুম্ভ মংগল ধ্বনি মুকলি কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীক এই ৰেডিঅ’ চেনেলৰ বাবে শুভেচ্ছা জনায়। অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দিবেদী, আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্রজ্ঞা পালিৱাল গৌড়, দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদ, দূৰদৰ্শনৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান প্রিয়া কুমাৰকে ধৰি কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।