উত্তৰ কাশীৰ ধাৰালিত ডাৱৰ বিস্ফোৰণত ফলত হোৱা আকস্মিক বানত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰৰ বাবে সেনা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ২০ জনৰো অধিক লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। আনহাতে আহতসকলক হর্শিলত থকা সেনাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে । উত্তৰাখণ্ডত ক্ষীৰ গংগা নৈৰ অববাহিকাৰ উজনি অংশত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকষ্মিক বানত উত্তৰ কাশী জিলাৰ ধাৰালি গাওঁত বিস্তৰ ক্ষয় ক্ষতি হয়। জিলা তাৎক্ষণিক অভিযান কেন্দ্রই জনোৱা মতে, এই বানে গাওঁখনৰ বজাৰ অঞ্চলত থকা বহুবোৰ অট্টালিকা, হোটেল আৰু দোকান উটুৱাই নিয়ে। সামৰিক বাহিনী, জিলা দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন আৰু স্থানীয় কেতবোৰ সহায়কাৰী দলৰ সহযোগিতাত বিশেষ অভিযান চলাই থকা হৈছে। জিলা দণ্ডাধীশ প্রশান্ত আৰিয়াই কয়, যে প্ৰাৰম্ভিক তথ্য অনুসৰি বানত ৪ জন লোকৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে পৰিস্থিতি পর্যালোচনাৰ বাবে নিৰন্তৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। তেওঁ কয়, যে আবদ্ধ লোকসকলক নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰা হৈছে আৰু পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি থকা হৈছে।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই আকস্মিক বানত ক্ষতিগ্রস্ত লোকসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে সাহায্য আৰু উদ্ধাৰ অভিযানৰ সফলতা কামনা কৰে৷
- প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীৰ সৈতে কথাপাতি পৰিস্থিতিৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে জিলাখনৰ এই দুৰ্যোগৰ সময়ত সহায় কৰিব পৰাকৈ বহুকেইটা সঁহাৰি বাহিনীয়ে ৰাজ্য চৰকাৰৰ পৰ্যবেক্ষণত অহৰহ কাম কৰি আছে বুলি উল্লেখ কৰে। গৃহ মন্ত্ৰী অমিত শ্বাহেও উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে কথাপাতি এই ঘটনাৰ সবিশেষ বুজ লয়।