ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ সৈতে চলি থকা উত্তেজনাক গণতন্ত্রক অধিক ক্ষতিগ্ৰস্ত কৰাৰ অজুহাতৰূপে ব্যৱহাৰ নকৰিবলৈ পাকিস্তানলৈ মার্কিন সাংসদ ৰাজা কৃষ্ণমূৰ্তিৰ আহ্বান

মার্কিন সাংসদ ৰাজা কৃষ্ণমূৰ্তিয়ে ভাৰতৰ সৈতে বর্তমান চলি থকা উত্তেজনাক গণতন্ত্রক অধিক ক্ষতিগ্ৰস্ত কৰাৰ অজুহাত হিচাপে ব্যৱহাৰ নকৰিবলৈ পাকিস্তানলৈ আহ্বান জনাইছে। আন এগৰাকী সাংসদ শ্ৰীথানেদাৰে, মঙলবাৰে গভীৰ নিশা ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণলৈ সম্পূর্ণ সমর্থন আগবঢ়াইছে। ভাৰতীয় বংশোদ্ভূত ৰাজা কৃষ্ণমূৰ্তিয়ে কয় যে, যোৱা মাহত পেহেলগামত হোৱা ভয়ানক সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু ভৱিষ্যতে হিংসা ৰোধ কৰাৰ প্ৰয়োজনীয়তা এতিয়া অত্যাৱশ্যকীয় হৈ পৰিছে৷ ইপিনে, ভাৰতীয় মূলৰ আনগৰাকী সাংসদ শ্রীথানেদাৰে কয় যে, সন্ত্ৰাসবাদ সহ্য কৰিব নোৱাৰি আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ উত্তৰ দিবই লাগিব। থানেদাৰে লগতে কয় যে, দেশবাসীক ৰক্ষা কৰাৰ অধিকাৰ ভাৰতৰ আছে আৰু উগ্ৰপন্থীৰ নেটৱৰ্ক(শৃংখল)সমূহ ভাঙি পেলোৱাৰ প্ৰচেষ্টাত মিত্ৰ ভাৰতৰ সৈতে তেওঁ দৃঢ়তাৰে থিয় দিছে। উল্লেখযোগ্য যে, শ্রী কৃষ্ণমূৰ্তি ইলিনইচৰ আৰু শ্ৰীথানেদাৰ ডেম’ক্রেটিক দলৰ সদস্য।