আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে সুতৰ হাৰ ষষ্ঠবাৰৰ বাবে ৫.২৫ৰ পৰা ৫.৫০ৰ ভিতৰত ৰাখিছে

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভ বেংকে বজাৰ মূল্যৰ লগত সংগতি ৰাখি সুতৰ হাৰ ষষ্ঠবাৰৰ বাবে কোনো সাল-সলনি নকৰি ৫ দশমিক ২-৫ৰ পৰা ৫ দশমিক ৫-০ৰ ভিতৰত ৰাখিছে। যুক্তৰাষ্ট্ৰীয় মুক্ত বাণিজ্য কমিটীৰ সভাৰ দুদিন পাছত যোৱা নিশা আমেৰিকাৰ কেন্দ্রীয় বেংকে ২ শতাংশ মুদ্রাস্ফীতি হ্ৰাসৰ লক্ষ্যৰ অগ্ৰগতিৰ ক্ষেত্ৰত পিছপৰি থকাৰ পৰিপ্ৰেক্ষিতত সুত্ৰৰ হাৰৰ কোনো সাল-সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা কেইবামাহো ধৰি আমেৰিকাৰ কেন্দ্ৰীয় বেংকে চাহিদা কমাবৰ বাবে আৰু মূল্য নিয়ন্ত্ৰণৰ বাবে সুতৰ হাৰ উচ্চস্তৰত ৰাখিছে, যদিও মুদ্রাস্ফীতি বৃদ্ধি পাই আছে। আমেৰিকাৰ কেন্দ্ৰীয় বেংকে কয় যে মুদ্রাস্ফীতিয়ে ইয়াৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱা বুলি পতিয়ন নোযোৱালৈকে বেংকে সুতৰ হাৰ হ্ৰাস নকৰে। ফেডাৰেল ৰিজাৰ্ভৰ সভাপতি জিৰোম প’ৱেলে এখন সংবাদমেলত কয় যে তেনে নিশ্চয়তা লাভৰ বাবে এতিয়া পূর্বতকৈও অধিক সময় লাগিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।