ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা আমেৰিকাৰ

ইজৰাইলৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে, আমেৰিকাই ইতিমধ্যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা ৰাজহ ব্যৱস্থা বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। আমেৰিকাৰ বিত্ত আৰু বিদেশ বিভাগে কালি এই নিষেধাজ্ঞাৰ কথা ঘোষণা কৰে। ইজৰাইলে ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে ইৰাণৰ বিৰুদ্ধে প্ৰতিযোধমূলক সামৰিক ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিছে। আমেৰিকাই ইৰাণৰ পেট্ৰ’লিয়াম আৰু পেট্ৰ’কেমিকেল সামগ্ৰী পৰিবহণ ক্ষেত্ৰত ১০টা সত্তাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা বুলি প্ৰকাশ কৰিছে।

আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক চুলিভানে কয় যে, এই ব্যৱস্থাই ইৰাণক ক্ষেপণাস্ত্র কার্যসূচীত সহায় কৰা আর্থিক সম্পদৰ পৰা বঞ্চিত কৰাত সহায় কৰিব। এই নিষেধাজ্ঞাৰ ফলত আমেৰিকাত ইৰাকী সত্তাসমূহৰ সম্পত্তি নিচ্ছিহ্ন কৰা হ’ব।
হামাছৰ মুৰববী ইছমাইল হানিয়েহে আৰু হিজবুল্লাহৰ নেতা হাছান নাছাৰাল্লাহৰ হত্যাৰ প্ৰতিষোধ হিচাপে ইৰাণে ১ অক্টোবৰত ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্র আক্রমণ চলাইছিল। ইফালে, আমেৰিকাই ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে সমন্বয় সাধন কৰি ইজৰাইলক এই আক্ৰমণৰ পৰা ৰক্ষা কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।