ডাউনলোড
মোবাইল এপ

android apple
signal

উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা ৭৫টা পৰিয়ালক ১৪ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ

উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযানৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৭৫টা পৰিয়ালক সাময়িক সকাহ প্রদান কৰিছে। উচ্চ ন্যায়ালয়ে এখন আবেদনৰ শুনানি লৈ এই পৰিয়ালকেইটাক ১০ দিনৰ সময় প্ৰদান কৰি সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰা ১৪ আগষ্টৰ ভিতৰত আঁতৰি যাবলৈ নির্দেশ দিয়ে। উচ্চ ন্যায়ালয়ে লগতে গুচৰীয়া লোকসকলে বনাঞ্চল দখল কৰা সন্দৰ্ভত বন বিভাগক এখন শপতনামা দাখিল কৰিবলৈও নির্দেশ দিয়ে। ইপিনে কালিৰ শুনানিত গুচৰীয়া পক্ষৰ লোকসকলে চৰকাৰে তেওঁলোকক বাসগৃহকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সা-সুবিধা প্ৰদান কৰা বুলি আদালতক অৱগত কৰে। সেই অনুসৰি ন্যায়ালয়ে পৰৱৰ্তী শুনানিত এই সন্দৰ্ভত কোনো তথ্য থাকিলে দাখিল কৰিবলৈ তেওঁলোকক সুযোগ দিয়ে। ইপিনে মেৰাপানীৰ নেঘেৰিবিলৰ দখলিকৃত ভূমিত ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ পাছতে অঞ্চলটোৰ ভূমি নগাসকলৰ বুলি সীমান্তৰ তিনিখন নগাবস্তিৰ কাউন্সিলে মন্তব্য কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্র প্রতিক্ৰিয়া প্ৰকাশ কৰিছে। যোৱা সোমবাৰে নাগালেণ্ডৰ একাংশ লোকে সৰুপথাৰৰ গেলাজান আৰু ২ নম্বৰ ৰজাপুখুৰী তেওঁলোকৰ বুলি দাবী কৰিছিল। কালি মেৰাপানী সীমান্তৰ নেঘেৰিবিলৰ সমীপৱৰ্তী তিনিখন নগা বসতিপ্রধান গাঁৱৰ ভিলেজ চেয়াৰমেনে নেঘেৰিবিলৰ ভূমি নগালেণ্ডৰ বুলি দাবী কৰি এটা ভিডিঅ’ মুকলি কৰে। তেওঁলোকে নেঘেৰিবিলৰ বনভোজথলীত ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকে বনভোজ খাই অহা কাৰ্য এতিয়াৰে পৰা বন্ধ কৰা হ’ব বুলি কৰা ঘোষণাক অসমৰ কেইবাটাও সংগঠনে গৰিহণা দিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থাৰ প্ৰতিনিধিসকলে এই বিষয়ত সাংবাদিকৰ আগত প্ৰকাশ কৰি দখলমুক্ত এলেকাত অসম আৰক্ষীৰ নিয়মীয়া তহলৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। তদুপৰি নেঘেৰিবিলত সোনকালে অসম বেটেলিয়নৰ এটা স্থায়ী শিবিৰ নিৰ্মাণৰো তেওঁলোকে দাবী তোলে। এই স্পৰ্শকাতৰ সীমান্ত অঞ্চল ৰাজ্যখনৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰত থকা হেতুকে বিষয়টো লৈ নিশ্চয়তা প্ৰদান কৰিবলৈ তেওঁলোকে মুখ্যমন্ত্ৰীক দাবী জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।