ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিশ্বনাথ জিলাৰ গহপুৰত ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ

ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে আজি সমাগত বড়োলেণ্ড পৰিষদীয় নির্বাচন উপলক্ষে বিশ্বনাথ জিলাৰ গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। বড়োলেণ্ড পৰিষদীয় অঞ্চলৰ সীমা পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত এইবাৰ গহপুৰৰ এটা অঞ্চলো বিটিআৰৰ অন্তৰ্গত হৈছে। বিশ্বনাথৰ গহপুৰলৈ বিটিআৰ সম্প্ৰসাৰিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে গহপুৰৰ বৰপুখুৰীত ইউ পি পি এলৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। ইউ পি পি এলৰ ধনশিৰি সমষ্টিৰ প্ৰাৰ্থী ৰুজুগ্ৰা মুছাহাৰীৰ হৈ প্ৰচাৰ চলাই প্ৰমোদ বড়োৱে বি পি এফৰ নেতা হাগ্ৰামা মহিলাৰীক তীক্ষ্ণ সমালোচনা কৰে। হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰে বি টি আৰৰ কি উন্নয়ন কৰিলে তাৰো খতিয়ান দিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।