উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত কমেও ছজন লোক নিহত, ১৯ জন আহত

উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছ ৱে’ত আজি পুৱা হোৱা দুটা পথ দুৰ্ঘটনাত কমেও ছজন লোকে প্রাণ হেৰুওৱাৰ লগতে ১৯ জন লোক আহত হয়। মথুৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে কয়, যে পুৱা তিনি বজাত এখন মিনি ভেনে ট্রাক এখনত খুন্দিওৱাৰ ফলত প্ৰথমটো অঘটন ঘটে। এই দুৰ্ঘটনাত ছজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে দুজন লোক আহত হয়। এই দুৰ্ঘটনাৰ এঘণ্টা পাছতে দিল্লীৰ পৰা মধ্যপ্ৰদেশ অভিমুখী এখন ব্যক্তিগত বাছ পথৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত আহত ৮ জন লোকক মথুৰাৰ জিলা চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা হয় আৰু আহত আন ৯ জনক আগ্ৰাৰ এছ এন মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। আহত আটাইকেইজন বৰ্তমান সুস্থিৰ অৱস্থাত আছে বুলি হাস্পতাল কর্তৃপক্ষই জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।