চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে সম্পূর্ণ তদন্ত চলাই আছে বুলি আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। আয়োগে প্ৰকাশ কৰা অনুসৰি বিশ্ববিদ্যালয়ত হোৱা এই ঘটনাৰ সবিশেষ তথ্য লাভ কৰাৰ পাছত ইয়াৰ তদন্তৰ বাবে অধিক তথ্য প্রমাণ আহৰণৰ উদ্দেশ্যে এখন সমিতি চেন্নাইলৈ প্ৰেৰণ কৰা হৈছে। সমিতিখনে ঘটনাটোৰ সবিশেষ তথা এই সন্দৰ্ভত চলাই থকা তদন্তৰ পৰ্যালোচনা সুনিশ্চিত কৰাৰ বাবে এলানি পদক্ষেপ গ্ৰহণ কৰিছে। সমিতিখনে এই ঘটনাৰ ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজি লোৱাৰ লগতে তেওঁলোকলৈ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। সমিতিখনে তদন্তৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰাৰ লগতে উপযুক্ত পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদানৰ উদ্দেশ্যে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰাৰ লগতে ৰাজ্যখনৰ গৃহ সচিব, আৰক্ষী সঞ্চালকপ্ৰধান আৰু উপায়ুক্তৰ সৈতেও মত বিনিময় কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগে কৈছে যে ভুক্তভোগীক ন্যায় প্রদান কৰা আৰু শৈক্ষিক প্ৰতিষ্ঠানখনত সকলোৰে বাবে সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। সমিতিখনে লাভ কৰা বিভিন্ন দিহা-পৰামৰ্শ তথা তথ্য প্ৰমাণৰ ভিত্তিত শীঘ্ৰেই তেওঁলোকে ইয়াৰ বিতং প্রতিবেদন আয়োগৰ অধ্যক্ষৰ ওচৰত দাখিল কৰিব।
Site Admin | December 31, 2024 1:08 PM | Anna university
চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তদন্ত