পহলগামৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অধিক অৱনতি নহ’বৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ভাৰত-পাকিস্তানক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ আহ্বান

কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অঞ্চলটোত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয়, তাৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ভাৰত আৰু পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে। পহলগামৰ আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুওৱা ঘটনাৰ গৰিহণা দি সচিব প্ৰধানৰ মুখপাত্র ষ্টিফেন দুজাৰিছে কয়, যে দুয়োখন দেশে সংযম ৰক্ষা কৰা উচিত আৰু দেশ দুখনৰ মাজৰ যিকোনো সমস্যা অৰ্থপূৰ্ণ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে শান্তিপূর্ণভাৱে সমাধান কৰা উচিত।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।