ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতক বিশ্বৰ তৃতীয় সর্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাত পৰ্যটন ক্ষেত্র চালিকা শক্তি হোৱাৰ সম্ভাৱনা আছেঃ গজেন্দ্ৰ সিং শেখাৱট

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্র সিং শেখাৱটে কৈছে যে, ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত পৰ্যটন ক্ষেত্র চালিকা শক্তি হোৱাৰ সম্ভাৱনা আছে। গ্ৰেটাৰ নয়দাত আজি সপ্তম আন্তঃৰাষ্ট্ৰীয় আতিথ্য প্ৰদৰ্শন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰ পৰ্যটন আৰু আতিথ্য ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জনৰ বাবে বদ্ধপৰিকৰ। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আতিথ্য প্ৰদৰ্শনীয়ে বিগত ছবছৰত ভাৰতৰ আতিথ্য উদ্যোগক আগুৱাই লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ পৰ্যটন খণ্ডৰ অপাৰ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী শেখাৱটে কয় যে দেশত কৃষি আৰু পৰ্যটন এনে দুটা খণ্ড যিয়ে জনসাধাৰণৰ ইচ্ছা অনুসৰি সকলোখিনি যোগান ধৰিব পাৰে। তেওঁ কয় যে, পর্যটন খণ্ডই ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।