ডাউনলোড
মোবাইল এপ

android apple
signal

নয়ডা আৰু বেংগালুৰুত নতুন অত্যাধুনিক প্ৰকল্পৰ উদ্বোধন কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নয়ডা আৰু বেংগালুৰুত নতুন অত্যাধুনিক প্ৰকল্পৰ উদ্বোধন কৰে। নতুন প্ৰকল্পৰ বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী বৈষ্ণৱে কয় যে, অগ্রণী ৩ নেন’মিটাৰ চিপ ডিজাইনিঙৰ কাম কৰিবলগীয়া ভাৰতৰ এই প্ৰথমটো প্রতিষ্ঠানে অর্ধপৰিবাহী উদ্ভাৱনৰ প্ৰতিযোগিতাত ভাৰতৰ স্থান সুদৃঢ় কৰিব। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, বিশ্বৰ ভিতৰতে আটাইতকৈ উন্নত চিপসমূহৰ ভিতৰত অন্যতম ৩ নেন’মিটাৰ চিপ ডিজাইন কৰাৰ ক্ষমতাসমৃদ্ধ এই কেন্দ্ৰ দেশৰ ভিতৰতে প্ৰথম । ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশতন্ত্ৰৰ ক্ৰমবৰ্ধমান বিকাশৰ বিষয়ত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, উত্তৰ প্ৰদেশত প্ৰধান অর্ধপৰিবাহী ডিজাইন কেন্দ্ৰৰ উদ্বোধন দেশৰ সৰ্বত্ৰ উপলব্ধ চহকী প্ৰতিভাৰ উপযুক্ত ব্যৱহাৰ কৰি এটা সৰ্বভাৰতীয় পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ দিশত অতি গুৰুত্বপূর্ণ পদক্ষেপ। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰী বৈষ্ণৱে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশত বিস্তৃত পৰিসৰত অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ সংকল্প বাস্তৱায়িত কৰাৰ দিশত ভাৰত অতি মসৃণভাৱে আগবাঢ়ি থকা বুলিও উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক