দেশত কাইলৈৰ পৰা বিকশিত কৃষি সংকল্প অভিযান

দেশত কাইলৈ বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ হ’ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত ওড়িশাৰ পুৰীৰ পৰা এই অভিযান আৰম্ভ কৰা হ’ব। অহা ১২ জুনলৈ চলিবলগীয়া এই অভিযানত সমগ্ৰ দেশৰ ৭০০ৰো অধিক জিলা সামৰি লোৱা হ’ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ১৫ দিনীয়া অভিযানৰ সময়ত শ্ৰীচৌহানে কমেও ২০খন ৰাজ্য ভ্ৰমণ কৰি কৃষক আৰু বিজ্ঞানীসকলক উৎসাহিত কৰাৰ উপৰি তেওঁলোকৰ সৈতে প্রত্যক্ষ আলোচনাত মিলিত হ’ব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া ৰাজ্যকেইখন হৈছে অসম, মেঘালয়, কর্ণাটক, তামিলনাড়ু, তেলেংগানা, অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিশগড়, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, দিল্লী, হাৰিয়ানা, পঞ্জাব, মহাৰাষ্ট্ৰ, জম্মু, ৰাজস্থান আৰু গুজৰাট। এই অভিযানৰ জৰিয়তে বিভিন্ন প্ৰান্তত হোৱা খাৰিফ শস্যৰ বাবে অত্যাধুনিক প্রযুক্তি বিষয়ে কৃষকসকলক অৱগত কৰোৱা আৰু চৰকাৰৰ কৃষি আঁচনি তথা নীতিসমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই অভিযানৰ অধীনত বিভিন্ন গোটে কৃষকসকলক শস্য নিৰ্ধাৰণ আৰু নিৰ্দিষ্ট পৰিমাণৰ সাৰ ব্যৱহাৰৰ বাবে ভূমি স্বাস্থ্য পত্ৰৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰাৰ উপৰি কৃষক আধাৰিত উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত তেওঁলোকৰ মতামত সংগ্ৰহ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।