২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ভৌগোলিক সূচ্যাংক লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণঃ কেন্দ্ৰীয় মন্ত্রী পীয়ূষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ূষ গোৱেলে ২০৩০ চনৰ ভিতৰত ১০ হাজাৰ ভৌগোলিক সূচ্যাংক লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত আয়োজিত ভৌগোলিক সূচ্যাংক সম্পৰ্কীয় সভাত মন্ত্ৰীগৰাকীয়ে কয়, যে এই লক্ষ্য চৰকাৰী পন্থাৰ জৰিয়তে ৰূপায়িত কৰা হ’ব আৰু ইয়াৰ বাবে এখন তদাৰকী সমিতি গঠন কৰি দিয়া হ’ব। তেওঁ লগতে কয়, যে বিভাগটোৱে আজিলৈকে জাৰি কৰা ভৌগোলিক সূচ্যাংকৰ সংখ্যা হৈছে ৬০৫। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত বৌদ্ধিক সম্পত্তি তথা পৰিৱেশ তন্ত্ৰৰ ওপৰত চৰকাৰে কৰা প্ৰচেষ্টাক লৈও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ভৌগোলিক সূচ্যাংকৰ বাবে অনুমোদিত ব্যৱহাৰকাৰীৰ সংখ্যা যোৱা ১০ বছৰত ৩৬৫ৰ পৰা ২৯ হাজাৰলৈ বৃদ্ধি পাইছে। প্রধানমন্ত্রীয়ে দিয়া বিকাশ ভী আৰু বিৰাট ভী ধাৰণাৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ মন কি বাত অনুষ্ঠানত বিভিন্ন সামগ্ৰীৰ উল্লেখকে ধৰি প্ৰধানমন্ত্ৰীৰ অহৰহ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। বৌদ্ধিক সম্পত্তি তথা পৰিৱেশ তন্ত্ৰৰ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত ভাষণ দি মন্ত্ৰীগৰাকীয়ে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ন্যাস পুঁজি আৰু এখন জিলা এটা উৎপাদন আঁচনিৰ কথা উল্লেখ কৰে ৷ সামগ্ৰীৰ উন্নত মান নিশ্চিত কৰিবলৈ তেওঁ এফ এছ এছ এ আই আৰু বি আই এছ-ৰ সৈতে সহযোগিতাৰ প্রয়োজনীয়তাৰ কথাও উল্লেখ কৰে। উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ উদ্যোগত অনুষ্ঠানটোৰ আয়োজন কৰা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।