কণ্টেণ্ট ক্রিয়েটৰসকল দেশৰ ডিজিটেল এম্বেছেদৰঃ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কণ্টেণ্ট ক্রিয়েটৰসকলক দেশৰ ডিজিটেল এম্বেছেদৰ হিচাপে আখ্যা দিছে। নতুন দিল্লীত আজি এটা অনুষ্ঠানত ভাষণ দি শ্রীগোৱেলে কয়, যে দায়িত্বশীল বিষয়বস্তু, অভিনৱ কাহিনী, দক্ষতা বিকাশ আৰু ভাৰতীয় সৃষ্টিশীলতাৰ প্ৰচাৰ হৈছে সৃষ্টিশীল উদ্যোগ ক্ষেত্ৰখনৰ চাৰিটা মূল দিশ। তেওঁ দেশৰ সৃষ্টিশীল খণ্ডত থকা বিশাল সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, যে এই উদ্যোগটো বর্তমান বহু কোটি টকাৰ খণ্ডত পৰিণত হৈছে আৰু ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ বৃহৎ সংখ্যক লোকে কর্ম-সংস্থাপন লাভ কৰিছে। এই খণ্ডটোৰ সৈতে জড়িত লোকসকলৰ ধাৰণা আৰু প্ৰযুক্তি বিকাশত সহায় কৰাৰ ক্ষেত্ৰত সুবিধা প্রদানকাৰী হিচাপে চৰকাৰৰ ভূমিকাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ সৃষ্টিশীলতা, দৃশ্য-শ্ৰৱ্য কলা আৰু কণ্টেণ্ট প্ৰডাকচনৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে দেশৰ ক্ৰমৱৰ্ধমান সংযোগৰ ওপৰতো আলোকপাত কৰে ।