বাৰানসীত যুৱ আধ্যাত্মিক সন্মিলন মুকলি কৰি আজি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কয়, যে ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নয়নৰ লক্ষ্যত উপনীত কৰিবলৈ হ’লে ভাৰতৰ যুৱ প্ৰজন্মক নিচামুক্ত কৰাটো বাঞ্ছনীয় । সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্রগঠনত প্ৰতিগৰাকী নাগৰিকৰে সহযোগিতা কামনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশৰ যুৱ প্ৰজন্মক সৱল কৰা উচিত আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ সহযোগিতা নিশ্চিত কৰা উচিত। নিচামুক্ত ভাৰত গঠনৰ অভিযানত দেশৰ সকলো জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে শ্ৰী মান্দাভিয়াই লগতে আহ্বান জনায়। এই সন্মিলনতে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰ কয়, যে নিচামুক্ত ভাৰত গঠনৰ বাবে চৰকাৰে ইতিমধ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, যে আধ্যাত্মিক নগৰ হিচাপে কাশীয়ে নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্য পূৰণ কৰাত যথেষ্ট অৰিহণা যোগাব। এশটাতকৈও অধিক আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ পৰা পাঁচশৰো অধিক যুৱ প্ৰজন্মই উন্নয়নৰ লক্ষ্যৰে নিচামুক্ত ভাৰত গঢ়াৰ এই দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰে৷ তদুপৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে যুৱ আধ্যাত্মিক সন্মিলনে নিচামুক্ত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
বাৰানসীত যুৱ আধ্যাত্মিক সন্মিলন মুকলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াৰ