যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মন্দাভিয়াই আজি উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ কৰে। এই উপলক্ষে যুৱক-যুৱতীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ নিৰ্মানত ক্রীড়া-সংস্কৃতিৰ গুৰুত্ব বিষয়ে উল্লেখ কৰি পৌৰী উচ্চমানৰ ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে । খেলুৱৈ তথা স্থানীয় লোকসকলক উদ্দেশ্যে মন্ত্ৰগৰাকীয়ে কয়, যে সাংসদ ক্রীড়া মহোৎসৱে প্ৰতিভাসম্পন্ন যুৱক-যুৱতীসকলক এখন স্বচ্ছ আৰু উন্নত মঞ্চ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোপনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে সমগ্ৰ দেশতে বুনিয়াদী পৰ্যায়ত ক্রীড়া-সংস্কৃটিক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এই মহোৎসৱে উলিয়াই অহা প্ৰতিভা সম্পন্নকে ধৰি ২০৩০ চনৰ কমনৱেল্ল্থ গেমছকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। তেওঁ কয়, যে খেলপথাৰত এগৰাকী খেলুৱৈ বিজয়ী হোৱা মানে সমগ্র দেশেই বিজয়ী হোৱা বুজায়।
Site Admin | December 13, 2025 9:39 PM | Union Minister Mansukh Mandaviya Inaugurates MP Sports Festival in Uttarakhand
উত্তৰাখণ্ডৰ পৌৰী জিলাৰ কান্দলীয়া গ্রাউণ্ডৰ সাংসদ ক্রীড়া মহোৎসৱৰ শুভাৰম্ভ