কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা তথা AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয়, যে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৪ দিন অতিবাহিত কৰিবলগীয়া দিনকেইটা বিশ্ববাসীয়ে অতি আগ্ৰহ আৰু তীব্ৰ উৎকণ্ঠাৰে প্ৰত্যক্ষ কৰিব। এই অভিযানত ভাৰতৰ উল্লেখযোগ্য ভূমিকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানৰ সময়ত জীৱ বিজ্ঞান, মহাকাশত মানৱ বসতিৰ সম্ভাৱনাৰ অন্বেষণ, সূক্ষ্ম মধ্যাকৰ্ষণ আৰু মহাকাশত মানৱ শৰীৰৰ বিভিন্ন প্ৰভাৱ সন্দৰ্ভত জটিল গৱেষণা চলাব। তেওঁ লগতে কয়, যে সমগ্ৰ বিশ্বৰ ভৱিষ্যৎ মহাকাশ অভিযানৰ বাবে এই অভিযান বিশেষ সহায়ক হ’ব।
AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ শুভেচ্ছা