শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেকট্রনিক আৰু তথ্য প্ৰযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছে যে, শ্ৰীপেৰাম্বডুৰ আৰু মানালুৰত এহেজাৰ ১১২ কোটি টকা ব্যয় সাপেক্ষে দুটা বৈদ্যুতিক উদ্যোগ স্থাপন কৰা হ’ব। শ্ৰীপেৰাম্বডুৰত জেটৱৰ্ক ইলেকট্র’নিক চেণ্টাৰ উদ্বোধন কৰি অমৃত আঁচনিৰ অধীনত ৭৭ টা ৰে’ল ষ্টেচন পুনৰ নিৰ্মাণ কৰা হ’ব বুলি তেওঁ অৱগত কৰে। তেওঁ কয়, যে তামিলনাডুত ৭১৫ খন ৰে’লৱে অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম চলি আছে আৰু ৮ খন বন্দে ভাৰত ৰে’ল চলি আছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে সকলো ভাৰতীয় ভাষাৰ প্ৰতি চৰকাৰৰ সন্মান আছে আৰু এই ভাষাসমূহৰ প্ৰচাৰ আৰু সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে। তামিলনাডুৰ ৰাজ্য চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ শলাগ লৈ তেওঁ কয়, যে ইলেকট্ৰ’নিক ৰপ্তানিৰ ক্ষেত্ৰত ৰাজ্যখনে বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ২০০ কোটি টকা ব্যয় সাপেক্ষে ১৫ একৰ মাটিত জেটৱৰ্ক ইলেকট্র’নিক উদ্যোগ গঢ়ি তোলা হ’ব। তেওঁ কয়, যে আঠ মাহৰ ভিতৰত দশম আৰু দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰা ৮ হাজাৰ লোকক কর্মসংস্থাপন দিয়া হ’ব। ইয়াত কমেও ৮০ শতাংশ মহিলাক কর্মসংস্থাপন দিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।