কেন্দ্ৰীয় মন্ত্রীসভাই ২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ২০২৭ চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। তেওঁ কয় যে এই লোকপিয়ল দেশৰ ষোড়শ লোকপিয়ল হ’ব আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল হ’ব। তেওঁ কয় যে ভাৰতৰ লোকপিয়ল বিশ্বৰ ভিতৰতে প্ৰশাসনিক আৰু পৰিসাংখ্যিক অনুশীলন হিচাপে পৰিগণিত হৈছে। ২০২৭ চনৰ লোকপিয়লত জাতিগত গণনাও অন্তর্ভুক্ত কৰা হৈছে। শ্রীবৈষ্ণৱে কয় যে এই লোকপিয়ল দেশৰ প্ৰথমটো ডিজিটীয় লোকপিয়ল হ’ব। এণ্ড্ৰইদ আৰু আই অ’ এছত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হ’ব বুলি শ্রীবৈষ্ণৱে প্ৰকাশ কৰে। শ্ৰীবৈষ্ণৱে এই ক্ষেত্ৰত ৩০ লাখ কৰ্মীক জড়িত কৰা হ’ব বুলি প্ৰকাশ কৰিছে। এই লোকপিয়লে দেশৰ সমগ্ৰ জনগণক সামৰি ল’ব। এই প্ৰক্ৰিয়াত দেশৰ প্ৰতিটো পৰিয়াললৈ লৈ পৃথক প্রশ্নাৱলীৰে গৃহ আৰু জনসংখ্যাৰ গণনা কৰা হ’ব। কেন্দ্রীয় মন্ত্রীসভাই কয়লা সংযোগ আঁচনি, ক’ল সেতুৰ সংস্কাৰতো অনুমোদন জনায়। কয়লা খণ্ডত দেশ আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।
Site Admin | December 12, 2025 8:26 PM | 718 Crore Budget for Census 2027 | Union Cabinet Approves ₹11
২০২৭ চনৰ লোকপিয়লৰ বাবে ১১,৭১৮ কোটি টকাৰ বাজেটত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন