ডাউনলোড
মোবাইল এপ

android apple
signal

January 18, 2025 7:43 PM | Umransho

printer

ডিমা হাচাও জিলাৰ উমৰাংছ’ত শোকাৱহ স্কুলবাছ দুৰ্ঘটনা

ডিমা হাচাও জিলাৰ উমৰাংছআৰক্ষী থানাৰ অধীনৰ ১৯ কিলোমিটাৰ এলেকাৰ সমীপত আজি পুৱা এটা শোকাৱহ স্কুলবাছ দুৰ্ঘটনা সংঘটিত হয়। এটা চৰকাৰী বিবৃতিযোগে জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্র বিষয়াই জনাইছে যে এই দুৰ্ঘটনাত এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগতে ৬ গৰাকী ছাত্র-ছাত্রী গুৰুতৰভাৱে আহত হৈছে। আহত ছাত্ৰ-ছাত্ৰী সকলক জৰুৰীকালীন চিকিৎসাৰ বাবে হোজাই হাম চিকিৎসালয়লৈ লৈ যোৱা হয়। নিহত ছাত্ৰীগৰাকী ১০ বছৰীয়া দালিমাৰ ৰংহাংপি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত ছাত্র-ছাত্রীসকল হল আর্কলিংছন হাঞ্চে, ফেলিহা চিংথংপি, সৰমুকৰং তেবাং, দিব্যা ৰংহাংপি, কপলিন ইংতিপি আৰু মালিন তেনপি। ইয়াৰ লগতে চৰকাৰী বিবৃতি অনুসৰি সামান্যভাৱে আহত আন ১৬ জন ছাত্ৰ-ছাত্ৰীক আৰক্ষীৰ লগতে এটা জৰুৰীকালীন সঁহাৰি দলে প্রাথমিক চিকিৎসাৰ ব্যৱস্থা কৰে। দুৰ্ঘটনাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও সম্পূর্ণ তদন্ত চলাই থকা হৈছে বুলি জিলাখনৰ প্ৰশাসনে জানিবলৈ দিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

অধিক পঢ়ক

সকলো চাওক