November 26, 2024 12:15 PM | ulfa 5 years

printer

ৰাজ্যৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নিষিদ্ধ ঘোষণাৰ ম্যাদ পুনৰ ৫ বছৰলৈ বৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নিষিদ্ধ ঘোষণাৰ ম্যাদ পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰ্যালয়ে কালি এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি বে- আইনী কার্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনটো পুনৰ ৫ বছৰৰ বাবে নিষিদ্ধ সংগঠন হিচাপে পৰিগণিত হ’ব। আলফাক ১৯৯০ চনত প্ৰথমবাৰৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছিল আৰু পাছত সময়ে সময়ে ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।