ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত যোৱা দেওবাৰে হোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে সেনা বাহিনী, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। চৰকাৰৰ এই স্থিতিৰ বিপৰীতে সংগঠনটোৱে এটা বিবৃতিত সেনা বাহিনীৰ এই আক্ৰমণৰ ফলত ৩ জন সদস্য নিহত আৰু ১৯ জন আহত হোৱা বুলি প্ৰকাশ কৰিছে। নাগা উগ্রপন্থী সংগঠন এন এছ চি এনেও বিবৃতিযোগে সেনা বাহিনীয়ে ম্যানমাৰত সংগঠনটোৰ শিবিৰক লক্ষ্য কৰি দুটা স্থানত একাধিক ড্রোণ আক্ৰমণ কৰে বুলি প্ৰকাশ কৰে। এনে পৰিস্থিতিত সংগঠনটোৱে প্রতিশোধকল্পে কুটাঘাতমূলক কার্যকলাপ সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে।
Site Admin | July 15, 2025 12:29 PM | ULFA
আলফাৰ প্ৰত্যাক্ৰমণৰ আশংকাত সীমান্ত অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
