ডাউনলোড
মোবাইল এপ

android apple
signal

September 5, 2025 11:32 AM | Russia-Ukraine

printer

পাশ্চাত্যৰ ২৬ খন দেশে ইউক্রেইনত সৈন্যবাহিনী নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে

পাশ্চাত্যৰ ২৬ খন দেশে ৰাছিয়াৰ সৈতে হোৱা সংঘাত শেষ হোৱাৰ পাছত ইউক্রেইনত জল, স্থল বা আকাশী পথেৰে সৈন্য নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে। ইউক্রেইনক সমৰ্থন কৰা ৩৫খন দেশৰ সন্মিলনৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রই এই ঘোষণা কৰে ৷

শ্রীমেক্রই কয় যে ইয়াৰে ২৬খন দেশে ইউক্রেইনত সৈন্য নিয়োগ কৰিবলৈ নাইবা জল, স্থল বা আকাশত উপস্থিতি নিশ্চিত ৰাখিবলৈ প্ৰতিশ্রুতিবদ্ধ হৈছে। ই যুদ্ধবিৰতি বা শান্তিৰ পাছত দেশখনৰ নিৰাপত্তা শক্তিশালী কৰাত সহায়ক হ’ব।

ইয়াৰ পূৰ্বে মেৰঁ আৰু ইউৰোপৰ অন্যান্য নেতাসকলে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শান্তি দূত ষ্টিভ উইটকফক সাক্ষাৎ কৰে। সাক্ষাৎকালত সংঘাতৰ পাছত দীৰ্ঘম্যাদী সামৰিক সমৰ্থন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন অব্যাহত ৰখাৰ বিষয়ে আলোচনা কৰা হয়।

শ্রীমেক্রই লগতে কয় যে মিত্ৰজোঁটত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যবাহিনী জড়িত হোৱাটো এতিয়াও নিশ্চিত হোৱা নাই যদিও মিত্ৰজোঁটৰ প্ৰতি ৱাশ্বিংটনৰ সমৰ্থন অতি সোনকালে চূড়ান্ত হ’ব।