ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ দুদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতত উপস্থিত হয়৷ এয়া ব্ৰিটেইনৰ প্রধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো চৰকাৰী ভাৰত ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে কাইলৈ মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিজন ২০৩৫ৰ ৰূপৰেখা প্রস্তুত কৰাৰ বাবে ভাৰত আৰু ব্ৰিটেইনৰ সৰ্বাত্মক কৌশলগত সহযোগিতাৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এই অংশীদাৰিত্বৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ, প্ৰযুক্তি আৰু উদ্ভাৱন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ প্ৰদানেৰে উভয় দেশে ১০ বছৰীয়া সময় নিৰ্ধাৰিত কাৰ্যসূচী গ্ৰহণ কৰিছে। দুয়োগৰাকী নেতাই পৰস্পৰ স্বাৰ্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰত মত বিনিময় কৰাৰ লগতে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত আলোকপাত কৰাৰ উদ্দেশ্যে ব্যৱসায়িক আৰু ঔদ্যোগিক ক্ষেত্ৰৰ নেতৃস্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপতো ভাগ ল’ব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে মুম্বাইত হ’বলগীয়া গ্লোবেল ফিনটেক ফেষ্টৰ ষষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰিব। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ এই ভ্রমণে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ সম্পৰ্ক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।
Site Admin | October 8, 2025 1:32 PM | UK PM Keir Starmer Arrives in Mumbai for First Official India Visit
ব্ৰিটেইনৰ প্ৰধানমন্ত্রী কীৰ ষ্টাৰমাৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে মুম্বাইত উপস্থিত
