ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। এয়া হ‘ব ব্রিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ৯ অক্টোবৰত মুম্বাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে ভিজন ২০৩৫ৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে ভাৰত আৰু ব্রিটেইনৰ সংহত কৌশলগত অংশীদাৰিত্বৰ অধীনত ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। উল্লেখযোগ্য যে এনে অংশীদাৰিত্বৰ জৰিয়তে বাণিজ্য আৰু বিনিয়োগ, প্রযুক্তি আৰু উদ্ভাবন, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, জলবায়ু আৰু শক্তি, স্বাস্থ্য, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক অগ্ৰাধিকাৰ প্ৰদানেৰে গ্ৰহণ কৰা উভয় দেশে ১০ বছৰীয়া সময় নির্ধাৰিত কাৰ্যসূচী গ্ৰহণ কৰিছে।
দুয়োগৰাকী নেতাই পৰস্পৰ স্বাৰ্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰত ভাব বিনিময় কৰাৰ লগতে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি সন্দৰ্ভত আলোকপাত কৰাৰ উদ্দেশ্যে ব্যৱসায়িক আৰু ঔদ্যোগিক ক্ষেত্ৰৰ নেতৃস্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপতো অংশগ্রহণ কৰিব।
উল্লেখযোগ্য যে, দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকীয়ে মুম্বাইত হ‘বলগীয়া গ্লোবেল ফিনটেক ফেষ্টৰ ষষ্ঠ সংস্কৰণত অংশগ্ৰহণ কৰিব। ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ এই ভ্রমণে ভাৰত আৰু ব্রিটেইনৰ মাজৰ সম্পৰ্কৰ উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।