ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 9, 2025 11:44 AM | Awashini Biashnav

printer

উজ্জ্বলা যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ ৰাজসাহায্যৰ বাবে ১২ হাজাৰ কোটি টকাত অনুমোদন

কেন্দ্ৰীয় মন্ত্ৰীসভাই ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ ৰাজসাহায্যৰ বাবে ১২ হাজাৰ কোটি টকাত অনুমোদন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত ১০ কোটি ৩৩ লাখৰো অধিক হিতাধিকাৰী উপকৃত হব। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা ব্যৱহাৰযোগ্য ৰন্ধন গেছৰ নিৰ্ধাৰিত হিতাধিকাৰীক প্ৰতি বছৰে ৯টা চিলিণ্ডাৰৰ বাবে ৩০০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰিব। মন্ত্ৰীসভাই লগতে ৰাজহুৱা খণ্ডৰ তেল কোম্পানীলৈ ৩০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণত অনুমোদন দিছে বুলিও শ্ৰী বৈষ্ণৱে প্ৰকাশ কৰে। তিনিটা ৰাজহুৱা খণ্ডৰ তৈল বিপনন কোম্পানী আই অ চি এল, বি পি চি এল আৰু এইছ পি চি এললৈ এই ধনৰাশি আৱণ্টন দিয়া হব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ১২টা কিস্তিত এই ধনৰাশি প্ৰদান কৰিব। তদুপৰি কাৰিকৰী শিক্ষাৰ বিভিন্ন দিশ আৰু গৱেষণাৰ বাবে ৪ হাজাৰ ২০০ কোটি টকাৰ আৱণ্টনতো মন্ত্ৰীসভাই অনুমোদন জনায়। কাৰিকৰী শিক্ষাৰ মান উন্নত কৰাৰ বাবে চৰকাৰে এই পদক্ষেপ হাতত লৈছে। ইয়াৰ  অধীনত প্ৰায় ২৭৫টা চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত কাৰিকৰী প্ৰতিষ্ঠানক নিৰ্বাচিত কৰি সাহায্য প্ৰদান কৰা হব।

কেন্দ্ৰীয় মন্ত্ৰীসভাই অসম আৰু ত্ৰিপুৰাৰ উন্নয়নৰ লক্ষ্যৰে চাৰিখন আঁচনিৰ অধীনত ৪ হাজাৰ ২৫০ কোটি টকাৰ আৱণ্টনত অনুমোদন জনায়। ৰাজ্য দুখনৰ আদিবাসী বসতিপ্ৰধান গাঁওসমূহৰ উন্নয়নৰ বাবে মন্ত্ৰীসভাই ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। তেওঁ কয় যে এই দুখন ৰাজ্যত ইয়াৰ ফলত আন্তঃগাঁথনিৰ বিকাশ আৰু বিভিন্ন জীৱন ধাৰণৰ প্ৰকল্পই নতুন নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ লগতে উপাৰ্জন বৃদ্ধি হব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।