হায়দৰাবাদৰ বোলাৰুমত থকা ৰাষ্ট্ৰপতি নিলয়মে আয়োজন কৰা উদ্যান উৎসৱৰ দ্বিতীয় সংস্কৰণৰ বিগত ৯ দিনত ১ লাখৰো অধিক লোকৰ সমাগম ঘটে। ভাৰতৰ ঐতিহ্য, কৃষি, বহন ক্ষমতা আৰু জনসাধাৰণৰ সহযোগিতাক উদযাপন কৰা এই উদ্যান উৎসৱৰ কালি সন্ধিয়া সামৰণি পৰে। হায়দৰাবাদৰ ৰাষ্ট্ৰপতি নিলয়মৰ উদ্যোগত আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ সৌজন্যত ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰিত ব্যৱস্থাপনাৰ সহযোগত আয়োজন কৰা এই উৎসৱ বিদ্যালয়ৰ শিক্ষার্থী, কৃষক, উদ্যোগী, স্টার্টআপ, কৃষক উৎপাদক সংস্থা আৰু বিভিন্ন ক্ষেত্ৰৰ লোকে দর্শন কৰে। এই উৎসৱত ৫০ খন বিষয়বস্তু সম্বলিত বিপণীকে ধৰি ১২০টাৰো অধিক প্রদর্শনী অনুষ্ঠিত হয়।
Site Admin | January 12, 2026 12:14 PM | UDYAN UTSAV
উদ্যান উৎসৱৰ দ্বিতীয় সংস্কৰণৰ বিগত ৯ দিনত ১ লাখৰো অধিক লোকৰ সমাগম