ওদালগুৰিৰ ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ত ভূমি আৰু ৰাজহ সন্দৰ্ভত পর্যালোচনা বৈঠক

ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা প্রশাসনৰ উদ্যোগত ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ত আজি ভূমি আৰু ৰাজহ সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ কাৰ্যবাহী সদস্য দাওবিচা বড়োৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মহকুমাটোৰ হৰিশিঙা, খৈৰাবাৰী আৰু কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডলসকলৰ লগতে ভূমি আৰু ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। বৈঠকত অতিৰিক্ত জিলা আয়ুক্তৰ লগতে প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ৷