January 8, 2026 8:13 PM | Aadhar

printer

আজি ইউ আই ডি এ আই প্ৰাধিকৰণৰ আধাৰ শুভংকৰ মুকলি

আধাৰ নামাৰে পৰিচিত ইউ আই ডি এ আই প্ৰাধিকৰণে আজি আধাৰ শুভংকৰ মুকলি কৰে। ইলেকট্রনিক্স আৰু তথ্য প্রযুক্তি মন্ত্র্যালয়ে জানিবলৈ দিছে যে, ইয়াৰ ফলত আধাৰৰ লগত জড়িত সকলো ধৰণৰ তথ্য জনসাধাৰণৰ বাবে উপযোগী হ’ব। মন্ত্র্যালয়ে জানিবলৈ দিছে যে, এই শুভংকৰৰ ফলত জনসাধাৰণে আধাৰৰ নৱীকৰণ, প্ৰমাণীকৰণ আৰু অফলাইন ব্যৱস্থাৰে তথ্য সন্নিবিষ্ট কৰিবলৈ সহায়ক হ’ব। আধাৰ প্ৰাধিকৰণে বিগত বৰ্ষত মাইগভ মঞ্চৰ জৰিয়তে দেশজুৰি এই শুভংকৰৰ আৰ্হি প্রতিযোগিতা অনুষ্ঠিত কৰিছিল।