পেহেলগামৰ বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ সফলতা উদযাপনৰ উদ্দেশ্যেৰে বিজেপিয়ে আৰম্ভ কৰা ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে। ধেমাজি জিলাত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই যাত্ৰাৰ নেতৃত্ব দিয়ে। চিলাপথাৰত প্ৰাক্তন সেনা জোৱানৰ লগত ত্ৰিৰংগ পতাকা হাতত লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰে। শিলচৰতো ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰা হৈছে। প্ৰবল বৰষুণৰ মাজতো ছাত্র-ছাত্রী, ক্রীড়া সংগঠন, সাংস্কৃতিক গোষ্ঠী আৰু নাগৰিক সমাজৰ উপস্থিতিত সেনা বাহিনীৰ বীৰত্বপূৰ্ণ প্ৰত্যুত্তৰক সন্মান জনাই ৰাষ্ট্ৰীয় পতাকা হাতত লৈ পদযাত্ৰা কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই যাত্ৰাত অংশগ্রহণ কৰে। যোৰহাটতো জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ নেতৃত্বত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়।
Site Admin | May 15, 2025 8:59 PM | triranga yatra assam bjp
অপাৰেচন সিন্দূৰৰ সফলতা উদযাপনৰ উদ্দেশ্যেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা