ডাউনলোড
মোবাইল এপ

android apple
signal

September 7, 2024 12:29 PM | Tripura flood

printer

ত্ৰিপুৰৰা বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা ড° মাণিক সাহাৰ

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহাই কালি বিধানসভাত ৰাজ্যখনৰ বানাক্ৰান্ত অঞ্চল আৰু বানপীড়িতৰ বাবে ৫৬৪ কোটি টকাৰ এটা বিশেষ পেকেজ ঘোষণা কৰিছে। তেওঁ কয় যে, শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি বিবেচনা কৰি ৰাজ্য চৰকাৰে বিভিন্ন খণ্ডত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ কাৰ্যৰ বাবে বিত্তীয় পেকেজ ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে, বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ প্ৰাৰম্ভিক অনুমান প্ৰায় ১৪ হাজাৰ ২৪৭ কোটি টকা। তেওঁ কয় যে, প্রকৃত ক্ষয়-ক্ষতিৰ মূল্যায়নৰ অন্তত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত অতিৰিক্ত ধন বিচাৰি স্মাৰক পত্ৰ দাখিল কৰিব। কালি ঘোষণা কৰা ৫৬৪ কোটি টকাৰ পেকেজত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বাবে ৭০ কোটি টকা ধাৰ্য কৰা হৈছে৷ ইয়াৰ জৰিয়তে দুমাহৰ বাবে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ১০ কেজিকৈ অতিৰিক্ত চাউল প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ প্ৰায় ৯লাখ ৮ হাজাৰ দৰিদ্র লোক উপকৃত হ’ব।

অধিক পঢ়ক

সকলো চাওক