ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 28, 2025 1:27 PM | Tripura

printer

ত্ৰিপুৰাত ২৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ

ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমে ২৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেই এই কাম সম্পূৰ্ণ কৰিছে। ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ৰেল গ্ৰীডৰ সৈতে বৈদ্যুতিক ৰে’লগাড়ীৰে সংযুক্ত কৰাৰ উদ্দেশ্যে ২০২২ চনত ৪৬ কোটি টকা ব্যয়েৰে বৈদ্যুতিকীকৰণৰ এই প্ৰকল্প আৰম্ভ কৰা হৈছিল। অসমৰ বৰপুৰ ষ্টেচন আৰু ত্ৰিপুৰাৰ জিৰানিয়া ষ্টেচনৰ মাজত বৈদ্যুতিক ইঞ্জিনচালিত প্ৰথমখন মালগাড়ীৰ পৰীক্ষামূলক চলাচল ইতিমধ্যে সম্পন্ন কৰা হৈছে। ইয়াৰ পাছত আগৰতলা আৰু অসমৰ অৰুণাচল জংচনৰ মাজত বিদ্যুৎচালিত যাত্ৰীবাহী ৰেলৰ পৰীক্ষামূলক যাত্ৰা সম্পন্ন কৰা হৈছে।