February 8, 2025 12:36 PM | Tripura

printer

ত্ৰিপুৰাত স্কীল উদয় টোংগাই শীৰ্ষক দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই কালি আগৰতলাৰ ত্ৰিপুৰা প্ৰযুক্তি প্ৰতিষ্ঠানত স্কীল উদয় টোংগাই শীৰ্ষক দক্ষতা বিকাশৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। কাৰ্যসূচী মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ৰ প্ৰায় ৮০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৱলীকৰণৰ উদ্দেশ্যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীসাহাই কয়, যে তেওঁ ৰাজ্যখনৰ ৯৮৩ খন বিদ্যালয়ৰ ৭০ হাজাৰ ছাত্ৰীৰ বাবে কেৰিয়াৰ পৰামৰ্শ বিষয়ক ৰাজ্যিক এম আই এছ প’ৰ্টেল আৰু মহাবিদ্যালয়ৰ ৭ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এন এছ ডি চি কাৰ্যসূচীকে ধৰি অন্যান্য ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।