ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে উজনি অসমৰ ডিব্ৰুগড়কে ধৰি জিলাসমূহত প্রতিবাদী কার্যসূচী অব্যাহত আছে। কালি সদৌ অসম টাই-আহোম ছাত্ৰ সন্থাই ডিব্ৰুগড়ত জোঁৰ সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ বৰপথাৰ হাইস্কুল খেলপথাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ কুমাৰণিছিগালৈকে এই সমদল উলিওৱা হয়। পাঁচ হাজাৰৰো অধিক লোকে অংশগ্রহণ কৰা এই প্রতিবাদী সমদলত অংশ লোৱাসকলে বিভিন্ন শ্ল‘গানেৰে জনজাতিকৰণৰ দাবী তোলে। সৰু পথাৰতো জনজাতিকৰণৰ দাবীৰে টাই-আহোম ছাত্ৰ সন্থাই প্রতিবাদী জোঁৰ সমদল উলিয়ায়।
ইপিনে, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমে কালি অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ অর্থাৎ এন চি এছ টিৰ অধ্যক্ষক সাক্ষাৎ কৰি স্মাৰক পত্র প্রদান কৰে। তেওঁলোকে কয়, যে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো পুনৰীক্ষণৰ বাবে গঠন কৰা মন্ত্রী গোটে ২৫ নৱেম্বৰত বিধানসভাত প্রতিবেদন দাখিল কৰিব যদিও এই ছটা জনগোষ্ঠীয়ে জনজাতিৰ মর্যাদা লাভ কৰিলে বর্তমান জনজাতিৰ মৰ্যাদা লাভ কৰি থকা ১৪ টা জনজাতিৰ লোকসকল সমস্যাৰ সন্মুখীন হ‘ব।