August 9, 2025 11:54 AM | Tomato prize

printer

কিছু স্থানীয় কাৰকৰ বাবে সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে কৈছে যে কিছু স্থানীয় কাৰকৰ বাবে সমগ্ৰ দেশতে বিলাহীৰ মূল্য বৃদ্ধি হৈছে৷ বিভিন্ন মাধ্যমত প্ৰকাশ হোৱাৰ দৰে চাহিদা-যোগানৰ ভাৰসাম্যহীনতা অথবা উৎপাদন হ্ৰাস হোৱাৰ বাবে বিলাহীৰ মূল্য বৃদ্ধি হোৱা নাই৷ বিভাগে জনোৱা মতে, জুলাইৰ শেষ সপ্তাহৰ পৰা দেশৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত হোৱা প্ৰবল বৰষুণৰ বাবে দিল্লীত প্ৰতি কিলোগ্ৰাম বিলাহীৰ দাম ৭৩ টকালৈ বৃদ্ধি পাইছে। 

বিলাহীৰ এনে অভাৱনীয় মূল্য বৃদ্ধিৰ পিছত ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংস্থাই  আজাদপুৰ মণ্ডীৰ পৰা বিলাহী ক্ৰয় কৰি গ্ৰাহকক কম মূল্যত যোগান ধৰিবলৈ চেষ্টা কৰিছে৷  ৰাষ্ট্ৰীয় সমবায় উপভোক্তা সংস্থাই এতিয়ালৈকে প্ৰতি কিলোগ্ৰামত  ৪৭ৰ পৰা ৬০ টকাৰ ভিতৰত ২৭ হাজাৰ কিলোগ্ৰামতকৈ অধিক বিলাহী বিক্ৰী কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।