ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত আজি ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত যোগান আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্রীয়ভাৱে আয়োজিত অনুষ্ঠানত এই আঁচনি উদ্বোধন কৰে। অনুষ্ঠানত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। এই আঁচনিৰ অধীনত ৰেচন কাৰ্ডপ্রাপ্ত পৰিয়ালে প্রতি মাহে ৬৯ টকাত মচুৰ দাইল, ৩৮ টকাত চেনি আৰু ১০ টকাত নিমখ ক্রয় কৰিব পাৰিব। এই বিশেষ মূল্য নৱেম্বৰ আৰু ডিচেম্বৰ মাহত প্ৰযোজ্য হ’ব। পৰৱৰ্তী পৰ্যায়ত ২০২৬ চনৰ জানুৱাৰীৰ পৰা অধিক সুলভ মূল্যত এই সামগ্ৰীসমূহ লাভ কৰিব। ৰাজ্যৰ প্ৰায় ৭০ লাখ লোক এই আঁচনিৰ জৰিয়তে উপকৃত হ’ব।
তামুলপুৰ জিলাতো আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সুলভ মূল্যৰ মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণৰ আজি শুভাৰম্ভ কৰা হয়। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰে। ইয়াৰ অধীনত জিলাখনৰ ৩৮৩ খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৯৭ হাজাৰ ৯১৭ টা পৰিয়াল উপকৃত হ’ব।