ডাউনলোড
মোবাইল এপ

android apple
signal

March 10, 2025 12:31 PM | Titabor

printer

অহা ১৪ মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্র মহোৎসৱ

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত অহা ১৪ মাৰ্চৰ পৰা তিতাবৰত দ্বিতীয় অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্র মহোৎসৱ অনুষ্ঠিত হ’ব। ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ, ভাৰতীয় চলচ্চিত্র মহাসংঘ আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ সহযোগত আয়োজিত এই মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ১৪ মাৰ্চৰ বিয়লি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দেশী-বিদেশী ১৪খন চলচ্চিত্ৰ আৰু কেইবাখনো চুটি ছবি তথা তথ্যচিত্র মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব। ৰীমা বৰাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত অনুনাদ ছবিখনৰ প্ৰদৰ্শনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব। কালি এখন সংবাদ মেলত চলচ্চিত্ৰ সমাজৰ সাধাৰণ সম্পাদক ড° জয়ন্ত মাধৱ দত্তই প্ৰকাশ কৰা মতে মহোৎসৱৰ তিনিটা দিনত তিনিখন বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত ৰাজ্যখনৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগতে দেশৰ কেইবাগৰাকীও চলচ্চিত্ৰ ক্ষেত্ৰৰ সন্মানীয় ব্যক্তিয়ে অংশ ল’ব।

অধিক পঢ়ক

সকলো চাওক