October 24, 2024 1:18 PM | Titabor

printer

তিতাবৰত ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত

তিতাবৰত কালি ডº দিলীপ কুমাৰ কলিতা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। নন্দনাথ শ‍ইকীয়া মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰববী অধ্যাপক ডº কলিতাৰ চতুৰ্থ বাৰ্ষিক স্মাৰক বক্তৃতা দিয়ে বিশিষ্ট লেখিকা ডº অদিতি বেজবৰুৱাই। মহাবিদ্যালয়খনৰ আলোচনা কক্ষত অনুষ্ঠিত জ্যোতির্বিজ্ঞান : ইতিহাস আৰু প্ৰভাৱ বিষয়ক বক্তৃতা দি সদৌ অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সভানেত্ৰী ডº বেজবৰুৱাই কয় যে মানুহৰ অনুসন্ধিৎসাৰ বাবেই পৃথিৱীখন সকলো ক্ষেত্ৰত আগবাঢ়ি গৈছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডº লিতুল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কুৰ্জিন মহান জ্যোতিৰ্বিজ্ঞানীৰ জীৱন আৰু অৱদান নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।