ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 22, 2025 6:39 PM | Tiranga Yatra

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগ যাত্রা অব্যাহত আছে। মৰিগাঁৱৰ জাগীৰোডত উলিওৱা ত্ৰিৰংগ যাত্ৰাত আজি বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। সেনাবাহিনীৰ পৰাক্ৰম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্ণায়ক নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা প্রকাশৰ অংশ হিচাপে উলিওৱা এই ত্ৰিৰংগ যাত্ৰাত মন্ত্রী পীযূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি বিজেপিৰ মৰিগাঁও জিলাৰ সভাপতি তথা দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই দেশমাতৃৰ সুৰক্ষা আৰু সেৱাৰ এই যাত্ৰাত ৰাষ্ট্ৰীয় পতাকাখনে প্ৰতিগৰাকী ভাৰতীয়ক সদায় একতাৰ দোলেৰে বান্ধি ৰাখিব বুলি উল্লেখ কৰে।

নগাঁও জিলাত নাগৰিক সমাজ, নগাঁও জিলা সমিতিৰ উদ্যোগত আজি বিয়লি নেহৰুবালিৰ পৰা ত্ৰিৰংগ যাত্ৰাৰ কাৰ্যসূচী উলিওৱা হয়। নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাত শতাধিক লোকে অংশগ্ৰহণ কৰি হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশমাতৃৰ বন্দনা কৰে।