ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 6, 2025 6:37 PM | Tinshukia

printer

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি সামৰণি

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত কালিৰেপৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ আজি সামৰণি পৰিব। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লৈছে। কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলনেৰে কালি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। কালিৰ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে বুলি মন্তব্য কৰে। কালিৰ অনুষ্ঠানত গ্রন্থমেলা মুকলি, অধ্যয়নচক্র, আলোচনা সত্ৰ, মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ গান্ধৈ উন্মোচন, মৰাণঘৰ উন্মোচন আৰু মুকলি সভা অনুষ্ঠিত হয়। হাজাৰ হাজাৰ বিহুৱা-নাচনীয়ে গছ তলৰ বিহু পৰিৱেশন কৰে। দিনৰ ভাগত এহেজাৰ আয়তীয়ে খেৰি পৰিৱেশন কৰে ।

অনুষ্ঠানৰ অংশ হিচাপে আজি সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। মৰাণ জনগোষ্ঠীৰ অন্যতম ঐতিহ্যমণ্ডিত ৰাতি বিহুৰ অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা।